অসম

assam

By

Published : Nov 20, 2020, 8:30 PM IST

ETV Bharat / state

ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

ডকাইতৰ দলে গুলি ফুটাই ইলিয়াছ ৰহমত উল্লাহ নামৰ যুৱকজনৰ পৰা লুটি নিয়ে সাত লাখ পঞ্চাশ হেজাৰ টকা ৷

robbery incident in nagaon
ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

নগাঁও, 20 নৱেম্বৰ: নগাঁৱৰ ৰূপহীহাটৰ খাটোৱালত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় চাঞ্চল্যকৰ পথ ডকাইতিৰ ঘটনা । ডকাইতৰ দলে গুলি ফুটাই ৰূপহীহাটৰ গড়াজানৰ ইলিয়াছ ৰহমত উল্লাহ নামৰ যুৱকজনৰ পৰা লুটি নিয়ে সাত লাখ পঞ্চাশ হেজাৰ টকা ৷

ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

পাঞ্জাৱ নেচনেল বেংকৰ গড়াজানৰ বাণিজ্যিক প্ৰতিনিধিৰূপে কৰ্মৰত ইলিয়াছ ৰহমত উল্লাহ নামৰ যুৱকজনে বেংকৰ পৰা ধনসমূহ লৈ বাইকেৰে গৈ থকা অৱস্থাত খাটোৱালত দুজনীয়া ডকাইতৰ দলে আক্ৰমণ কৰে ৷ ডকাইতৰ দলটোৱে ইলিয়াছক পুখুৰীত পেলাই দিয়াৰ লগতে বাইকত থকা মোনা ভৰ্তি ধনসমূহ লৈ উধাও হয় ।

ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি

যুৱকজনে ডকাইত দুটাক বাধা দিয়াৰ চেষ্টা চলাই যদিও ডকাইতে যুৱকজনলৈ লক্ষ্য কৰি গুলি চলাই গুচি যায় । অৱশ্যে ডকাইতটোৰ গুলী লক্ষ্যভ্ৰষ্ট হোৱাত এক ডাঙৰ অঘটনৰ পৰা যুৱকজন কথমপি ৰক্ষা পৰে । বৰ্তমান ঘটনাস্থলীত ৰূপহীহাটৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: আলফা (স্বা) ৰ ছেকেণ্ড লেঃ প্ৰান্তিক অসমক আটক

ABOUT THE AUTHOR

...view details