নগাঁও,১৬ নৱেম্বৰ :উজনি-নামনি সকলোতে ৰাসক লৈ বিশেষ ব্যস্ততা অব্যাহত আছে (Raas festival in Assam)। বিভিন্নজনে পৰিয়ালৰ সৈতে ৰাসলীলাৰ ভাওনা অথবা ৰাস মহোৎসৱ চাবলৈ ওলাই গৈছে । কিন্তু তাৰ মাজতে গৃহস্থ নোহোৱা ঘৰত সুবিধা বুজি চোৰে চলাইছে অভিযান (Theft in Assam)।
যাৰ বাবে ৰাসৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা দেখা গৈছে । বাকী অঞ্চলৰ লগতে নগাঁও জিলাত শেহতীয়াকৈ চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে । মানুহৰ ঘৰ, মন্দিৰ বা ধৰ্মীয় স্থান, বিদ্যালয় আদি সকলোতে চোৰে লুটপাত চলোৱা দেখা গৈছে (Robbery in School)।
নগাঁও আৰক্ষীৰ চকুৰ সন্মুখতে নিতৌ জিলাখনত সংঘটিত হৈছে চুৰিকাণ্ড । নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙাই এইবাৰ নগাঁৱত পুনৰ লুটপাত চলালে চোৰে । পিছে এইবাৰ চোৰৰ টাৰ্গেট বিদ্যালয় ।
নগাঁও চহৰৰ সমীপৰ বৰাগাওঁ ডেকাপাম প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে নিশা চোৰে লুটপাত চলায় । বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী লুটি নিলে চোৰে । কেৱল এয়াই নহয় শিক্ষাৰ্থীৰ বাবে বিদ্যালয়ত থকা মধ্যাহ্ন ভোজনৰ ওপৰতো চকু দিবলৈ নেৰিলে চোৰে । মধ্যহ্ন ভোজনৰ চাউল, দাইলেৰে খিচিৰি ৰান্ধি খায় গ'ল চোৰে (Thieves eat khichdi in school)।