অসম

assam

By

Published : Jul 11, 2021, 2:17 PM IST

ETV Bharat / state

সান্ধ্য আইনৰ মাজতে নগাঁৱৰ চকিটুপত ডকাইতি

শনিবাৰে নিশা চকিটুপত ডকাইতি কৰিব আহি স্থানীয় ৰাইজৰ ৰোষত পৰে দুজনকৈ ডকাইত । আন্ধাৰৰ সুযোগ লৈ পলায়ন আন এটা ডকাইতৰ । নগাঁৱৰ চকিটুপৰ ছেলিম খান নামৰ অভিযন্তাজনৰ বাসগৃহত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷

robbery case at sakitup
সান্ধ্য আইনৰ মাজতে নগাঁৱত চকিটুপত ডকাইতি

চামগুৰি, 11 জুলাই :শনিবাৰে নিশা নগাঁৱৰ চকিটুপত সংঘটিত হৈছে এক অঘটন ৷ সান্ধ্য আইনৰ মাজতে আন্ধাৰৰ সুযোগ লৈ নিশা চকিটুপত সংঘটিত হয় এক ডকাইতিৰ ঘটনা ৷ চকিটুপত ছেলিম খান নামৰ অভিযন্তাজনৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে সন্ধিয়াৰ পৰত চকিটুপত ছেলিম খান নামৰ অভিযন্তা গৰাকীৰ ঘৰত আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰে তিনিজনীয়া এটা ডকাইতৰ দল ৷ ডকাইতৰ দলটোৱে ঘৰৰ গৰাকী ছেলিম খানক মাৰধৰ কৰি গুৰুতৰভাৱে আঘাত কৰে । ফলত ঘৰৰ গৰাকী চেলিম খানে চিঞৰ-বাখৰ লগায় ৷ খানৰ চিঞৰ শুনি স্থানীয় ৰাইজ উপস্থিত হয় চেলিমৰ বাসগৃহত ৷

সান্ধ্য আইনৰ মাজতে নগাঁৱৰ চকিটুপত ডকাইতি

স্থানীয় ৰাইজৰ উপস্থিতিত ডকাইত কেইটাৰ কবলৰ পৰা উদ্ধাৰ কৰে চেলিমক ৷ আনফালে স্থানীয় ৰাইজৰ তৎপৰতাত আটক কৰিবলৈ সক্ষম হয় আন দুজন ডকাইত ৷ আন্ধাৰৰ সুযোগ লৈ এজন ডকাইত পলাই যাবলৈ সক্ষম হয় ৷ কিন্তু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে পলায়ন কৰা আনটো ডকাইতক ধৰিবলৈ সক্ষম হয় ৰাইজ ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষীক খবৰ দিয়া হয় ৷ ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে ডকাইত কেইটাক আটক কৰে ৷ সম্প্ৰতি নগাঁও আৰক্ষীৰ জিম্মাত আছে ডকাইতকেইটা ৷ নগাঁও সদৰ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত

ABOUT THE AUTHOR

...view details