অসম

assam

By

Published : Dec 7, 2020, 6:39 PM IST

ETV Bharat / state

ৰেগিঙৰ বিৰুদ্ধে নগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাটৰ নাট

ৰেগিঙৰ বিৰুদ্ধে নগাঁও মহাবিদ্যালয়ৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাটৰ নাট প্ৰদৰ্শন ৷ ৰেগিঙৰ ভয়াবহতাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অপ্ৰিতীকৰ ঘটনা সংঘটিত হোৱাৰ লগতে বহুতে আধাতেই শিক্ষাজীৱন শেষ কৰাৰো উদাহৰণ আছে ৷ তাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

as_ngn_road_show_against_riging_at_nagaon_vis_7203829
ৰেগিঙৰ বিৰুদ্ধে নগাঁৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাটৰ নাট

নগাঁও,7 ডিচেম্বৰ:নগাঁৱত ৰেগিঙৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাটৰ নাট ৷ বৰ্তমানেও ৰেগিঙৰ কবলত ৰাজ্যৰ বহু শিক্ষানুষ্ঠান ৷ ৰেগিঙ নামৰ এই অপসংস্কৃতিৰ বাবেই বহুতে আধাতেই শিক্ষাজীৱন সাং কৰাৰো উদাহৰণ আছে ৷ ৰেগিঙৰ ভয়াবহতাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অপ্ৰিতীকৰ ঘটনা সংঘটিত হৈছে ৷ সেয়েহে ৰেগিঙৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে নগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বাটৰ নাট কাৰ্যসূচী ৰূপায়ন কৰিছে ৷

ৰেগিঙৰ বিৰুদ্ধে নগাঁও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাটৰ নাট

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও মহাবিদ্যালয়ৰ সমীপতো ৰিগিঙৰ বিৰুদ্ধ প্ৰদৰ্শন কৰে বাটৰ নাট । সজাগতা সৃষ্টিৰ লগতে ৰেগিঙৰ বিৰুদ্ধে মাত মাতিবলৈ সকলোকে আহ্বান জনায় বাটৰ নাট প্ৰদৰ্শন কৰা দলটোৱে ৷

লগতে পঢ়ক:ডিফুত বহুভাষী কবি সন্মিলনৰ সফল আয়োজন

ABOUT THE AUTHOR

...view details