নগাঁও,১৫ জুন :একাংশ চালকৰ ভুলৰ বাবে আৰু যান-বাহন আইন পালন নকৰাৰ বাবে বিভিন্ন সময়ত ৰাজ্যত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । য'ত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়াও হয় । সেয়েহে সময়ে সময়ে পৰিবহণ বিভাগে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে (Transport department organized road safety awareness program)।
ইফালে ৰাজপথত একাংশ ব্যক্তিগত খণ্ডৰ বাছৰ দৌৰাত্ম সন্দৰ্ভতো বহুতে পৰিবহণ বিভাগক অভিযোগ দি আহিছে । যাৰ বাবে নগাঁৱৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান আৰু জিলা পৰিবহণ বিভাগে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বাছ চালকৰ মাজত যান-বাহন আইন সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ পদক্ষেপ লোৱা হৈছে । নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত বিদ্যালয়খনত বুধবাৰে এই সন্দৰ্ভত এক সজাগতা সভাৰ আয়োজন কৰে নগাঁও জিলা পৰিবহণ বিভাগে (Road Safety day celebration at Christ Jyoti School)।
পথ সুৰক্ষাৰ সজাগতা অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি নগাঁও জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শক ক্ষীৰোদা কান্ত দাসে যান-বাহন আইনৰ ওপৰত ছাত্ৰ-ছাত্ৰী আৰু বাছ চালকৰ সন্মুখত বক্তব্য প্ৰদান কৰে । ১৮ বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীয়ে যান-বাহন চলালে যান-বাহন আইন অনুসৰি পিতৃ-মাতৃ সন্মুখীন হ'বলগীয়া শাস্তিৰ বিষয়েও ব্যাখ্যা কৰে পৰিদৰ্শকগৰাকীয়ে ।