নগাঁও চহৰৰ 8 টাকৈ পথৰ শুভাৰম্ভণি
নগাঁৱত আধাৰশিলাৰ বিপৰীতে পথৰ শুভাৰম্ভণিত দিয়া হৈছে গুৰুত্ব: বিধায়ক ৰূপক শৰ্মা
নগাওঁ, 4 জুলাই: নগাঁৱত আধাৰশিলাৰ বিপৰীতে উন্নয়নমূলক কামৰ শুভাৰম্ভণিত দিয়া হৈছে অধিক গুৰুত্ব । বুধবাৰে নগাঁও চহৰৰ 8 টাকৈ পথৰ শুভাৰম্ভণি কৰি এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । এছ অ পি ডি ৰ শিতানত মুঠ 1 কোটি 65 লাখ 1 হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 8 টাকৈ নগাঁও চহৰৰ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে 75 টা পথৰ নিৰ্মাণ কাৰ্য্য চলি আছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । ইয়াৰোপৰি নগাঁও সদৰ সমষ্টিত নিৰ্মাণ কাৰ্য্য চলি থকা 7 খনকৈ পকী দলঙৰ কামো এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ।