অসম

assam

By

Published : Dec 30, 2020, 8:13 PM IST

ETV Bharat / state

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গছসহ গজৰাজৰ অৱস্থান

বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত দেওচুৰ চাঙত বুধবাৰে ঘৰচীয়া হাতীয়ে অৱৰোধ কৰিলে যান-বাহন । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰত শিকলিৰে বান্ধি থোৱা এটা ঘৰচীয়া হাতী বান্ধি থোৱা গছডালকেই উভালি ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই আহি ৰাজপথত অৱস্থান গ্ৰহণ কৰে হাতীটোৱে ।

road-close-by-domestic-elephant
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গছসহ গজৰাজৰ অৱস্থান

কলিয়াবৰ, 30 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত দেওচুৰ চাঙত বুধবাৰে ঘৰচীয়া হাতীয়ে অৱৰোধ কৰিলে যান-বাহন।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গছসহ গজৰাজৰ অৱস্থান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰত শিকলিৰে বান্ধি থোৱা এটা ঘৰচীয়া হাতী বান্ধি থোৱা গছডালকেই উভালি ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰলৈ ওলাই আহি ৰাজপথত অৱস্থান গ্ৰহণ কৰে হাতীটোৱে । ভোকাতুৰ হৈ গজৰাজে বান্ধি থোৱা গছডালকে উভালি ৰাজপথত অৱস্থান কৰিছে বুলি সন্দেহ কৰিছে ৰাইজে ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গছসহ গজৰাজৰ অৱস্থান

ভোকাতুৰ হাতীটোৱে ৰাজপথৰ দাঁতিত খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত বহু সময় ধৰি শিকলিত লাগি থকা গছডাল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পঠালি হৈ পৰি ৰয়। ফলত সাময়িকভাৱে পথত যান-বাহন চলাচলত ব্যাঘাত ঘটে। কিছুসময় অৱস্থান কৰাৰ পাছতে হাতীটো কাৰ্বি আংলঙৰ দিশে গতি কৰাৰ পাছতে মুকলি হয় পথচোৱা । গজৰাজৰ এই আচৰণে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ হেমাহিৰ ছবি এখন দাঙি ধৰা বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: সত্ৰীয়া সংস্কৃতিৰ সমান্তৰালকৈ চৰ্চিত মাজুলীৰ আন এক শিল্প

ABOUT THE AUTHOR

...view details