অসম

assam

ETV Bharat / state

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্যঃ ৰাইজৰ পথ অৱৰোধ

কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে একাংশ পুৰুষ-মহিলাই পথ অৱৰোধ কৰে ।

By

Published : Jun 23, 2019, 12:07 PM IST

Updated : Jun 23, 2019, 1:21 PM IST

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্য

বঢ়মপুৰ , ২৩ জুন: নগাঁও জিলাৰ কঠিয়াতলীৰ বৰকছাৰী গাঁৱত দেওবাৰে ৰাইজে পথ অৱৰোধ কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে । কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে একাংশ পুৰুষ-মহিলাই পথ অৱৰোধ কৰে । ৰাইজৰ অভিযোগ অনুসৰি এই পথটোৰে দৈনিক তপতজুৰিৰ শিলৰ কুৱাৰীৰ পৰা ৩০-৪০ খন ডাম্পাৰে শিল কঢ়িয়াই ।

কঠিয়াতলীত নম্বৰ বিহীন ডাম্পাৰৰ দৌৰাত্ম্য

আৰু তাৰ ভিতৰত একাংশ ব্যৱসায়ীয়ে এখন চালানাৰেই অবৈধভাৱে প্ৰতিদিনে ৪-৫ গাড়ী শিল কঢ়িয়াই ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ দিয়ে গাঁওবাসীয়ে । ৰাইজৰ অভিযোগ অনুসৰি , ডাম্পাৰৰ চলাচল বন্ধ কৰিবলৈ ৰাইজে জিলা প্ৰশাসন আৰু বনবিভাগক জনাইছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই | সেয়ে আজি ৰাইজ ক্ষোভিত হৈ কঠিয়াতলীৰ পৰা বঢ়মপুৰ সংযোগী পথটো অৱৰোধ কৰি ৰাখে । উল্লেখ্য যে পথ অৱৰোধৰ ফলত বহু সংখ্যক গাড়ী পথত আবদ্ধ হৈ পৰে ।

Last Updated : Jun 23, 2019, 1:21 PM IST

ABOUT THE AUTHOR

...view details