নগাঁও, ৮ মে':ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ৰাজ্যৰ পৰিবহণ বিভাগ কঠোৰ হোৱা বুলি দাবী কৰাৰ সময়তে মধ্য অসমৰ নগাঁৱত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য । জিলাখনৰ বিভিন্ন ঠাইত অত্যাধিক বোজা কঢ়িওৱাৰ উপৰি একাংশ ডাম্পাৰ চালকে তীব্ৰ বেগেৰে ৰাজপথত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি অহাৰ অভিযোগ দীর্ঘদিনীয়া । সোমবাৰে পুৱাও এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বাইক আৰোহীৰ থিতাতে নিহত হয় । নগাঁও চহৰৰ তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী ডাম্পাৰে সংঘটিত কৰা পথ দুর্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Road accident in Nagaon)।
উল্লেখ্য় যে সোমবাৰে পুৱাই বাইকেৰে তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাইপথেৰে গৈ আছিল আব্দুল খালেক নামৰ এগৰাকী ব্যক্তি (Tense situation at Teliagaon in Nagaon)। সেই সময়তে তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে আব্দুল খালেক নামৰ লোকজনক । ফলত থিতাতে নিহত হয় বাইক আৰোহী আব্দুল খালেক । তীব্ৰ বেগী ডাম্পাৰখনে এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতেই তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাইপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।