অসম

assam

পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Sep 27, 2020, 7:53 PM IST

কামপুৰ-বৈঠালাংছ’ সংযোগী পথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহী চৰাইহাগী নিবাসী নকুল বৰ্মন ৷

Road accident spot dead one in kampur nagaon assam etv bharat news
পথ দুৰ্ঘটনা

বঢ়মপুৰ,27 ছেপ্তেম্বৰ:নগাঁও জিলাৰ কামপুৰ-বৈঠালাংছ’ সংযোগী পথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ স্কুটি আৰু ট্ৰেক্টৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহীগৰাকী ৷ নিহত লোকগৰাকী জিলাখনৰে চৰাইহাগীৰ নকুল বৰ্মন বুলি চিনাক্ত কৰা হৈছে ৷ ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰা ট্ৰেক্টৰখনৰ চালকক খেদি খেদি কৰায়ত্ত কৰে ৰাইজে ৷ কামপুৰ-বৈঠালাংছ’ সংযোগী পথত থকা দক্ষিণ কামপুৰ হাইস্কুলৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ হৈছে এএছ 02 জেদ 8885 ৷

ABOUT THE AUTHOR

...view details