অসম

assam

By

Published : Dec 22, 2020, 7:33 PM IST

ETV Bharat / state

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি

নগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ ৷

road-accident-in-nagaon
পথ দুর্ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি

নগাঁও, 22 ডিচেম্বৰ :মঙলবাৰে নগাঁৱৰ চলচলিত এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । AS-02N-1871নম্বৰৰ এখন চুজুকি মটৰ চাইকেলত AS-01EL-5191 নম্বৰৰ হুণ্ডাই বাহনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি

দুৰ্ঘটনাৰ ফলত মটৰ চাইকেলখনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে আৰোহী মুন্না আহমেদ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ইফালে, ঘটনা সংঘটিত কৰিয়েই বিলাসী বাহনখনে পলায়ন কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় একাংশ লোকে আগুৰি ধৰে বাহনখনক ৷ পৰৱৰ্তী সময়ত একাংশ উত্তেজিত ৰাইজে বাহনখন জ্বলাই দিয়াৰো হুংকাৰ দিয়ে ৷

অৱশ্যে আৰক্ষী সঠিক সময়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বাহনখন থানালৈ লৈ যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে, আঘাতপ্ৰাপ্ত মুন্না আহমেদক চলচলিস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক :জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড: কুকুৰৰ শৰীৰত ঢালিলে এচিড

ABOUT THE AUTHOR

...view details