নগাঁও, 16 ছেপ্টেম্বৰ : নগাঁও চহৰৰ ধিং গেইটৰ উৰনীয়া সেঁতুৰ তলত বৃহস্পতিবাৰে সন্ধিয়া এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত চাইকেল আৰোহী এজন কিশোৰৰ থিতাতে নিহত হয় ৷ ইয়াৰ লগতে আন এজন গুৰুতৰ ভাৱে আহত হয় ।
জানিব পৰা মতে, চাইকেলত আৰোহী দুজনক বিপৰীত দিশৰ পৰা আহি থকা AS-09AC-7736 নম্বৰৰ এখন ট্ৰাকে খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে ধিং গেইটৰ উৰনীয়া সেঁতুৰ তলত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক প্ৰহাৰ কৰে বুলি কৰে বুলি জানিব পৰা গৈছে ৷