নগাঁও, 21 আগষ্টঃ ৰহাত শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত 2 জন ৷ ৰহাৰ জোঙাল বলহু গড়ত মংগলবাৰে নিশা 37নং ৰাষ্ট্ৰীয় পথৰ ওপৰত যান্ত্ৰিক বিজুতিৰ বাবে ৰৈ আছিল AS-01-HC-7891 নম্বৰৰ ট্ৰাকখন ৷ বিজুতি ঘটা ট্ৰাকখনৰ পাছফালে মেৰামতি কৰি আছিল চালক আৰু হেন্দিমেন গৰাকীয়ে ৷ সেই সময়তে গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থকা NL-01-L-7744 নম্বৰৰ ট্ৰাকখনে ৰৈ থকা ট্ৰাকখনৰ পাচফালে প্ৰচণ্ড খুন্দা মাৰে । ফলত ৰৈ থকা ট্ৰাকখন মেৰামতি কৰি থকা হেন্দিমেনজন আৰু খুন্দা মৰা ট্ৰাকখনৰ চালক থিতাতে নিহত হয় । ট্ৰাকৰ হেন্দিমেনজনক পৱন গগৈ বুলি চিনাক্ত কৰা হৈছে যদিও খুন্দা মৰা ট্ৰাকখনৰ চালকৰ পৰিচয় জানিব পৰা হোৱা নাই ।
ৰহাত পথ দুৰ্ঘটনা, 2 নিহত
বিজুতি ঘটা ট্ৰাকখনৰ পাছফালে মেৰামতি কৰি আছিল চালক আৰু হেন্দিমেন গৰাকীয়ে ৷ সেই সময়তে গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থকা NL-01-L-7744 নম্বৰৰ ট্ৰাকখনে ৰৈ থকা ট্ৰাকখনৰ পাচফালে প্ৰচণ্ড খুন্দা মাৰে
ৰহাত পথ দুৰ্ঘটনা, 2 নিহত
আনহাতে, ৰৈ থকা ট্ৰাকখনৰ চালকজন গুৰুতৰভাৱে আহত হয় । আহত চালকজনক স্থানীয় ৰাইজৰ তৎপৰাত ভৰ্তি কৰায় চিকিৎসালয়লৈ ৷