নগাঁও, 8 ডিচেম্বৰ:নগাঁও চহৰৰ লাওখোৱা ৰোডত মঙলবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰতে অবৈধভাৱে পাৰ্কিং কৰা ট্ৰাকত খুন্দিয়াই প্ৰাণ হেৰুৱালে এজন লোকে ৷ তেলিয়াপট্টিৰ মিঠু পাল নিহত হোৱাৰ লগতে বাপ্পী ঘোষ নামৰ লোকজন গুৰুতৰভাৱে আহত হোৱাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা:নিহত এজন - যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী
মঙলবাৰে দুপৰীয়া নগাঁও চহৰৰ লাওখোৱা ৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অবৈধভাৱে পথৰ ওপৰতে পাৰ্কিং কৰা ট্ৰাকত খুন্দিয়াই প্ৰাণ হেৰুৱালে এজন লোকে ৷
ৰাজনৈতিক ক্ষমতাৰে বলিয়ান নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ী কাৰ্তিক সাহাই পথৰ ওপৰতে অবৈধভাৱে কৰা ট্ৰাক পাৰ্কিঙৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ অবৈধ পাৰ্কিং সন্দৰ্ভত স্থানীয় লোকে বহুবাৰ প্ৰশাসনক অভিযোগ দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে পথৰ ওপৰত অবৈধভাৱে পাৰ্কিং কৰা ব্যৱসায়ীগৰাকীৰ তিনিখনকৈ ট্ৰাক জব্দ কৰে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে ৷
লগতে পঢ়ক:মহানগৰীৰ পাথৰকুৱাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ