অসম

assam

By

Published : Oct 6, 2019, 7:50 PM IST

ETV Bharat / state

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ বুকলুংত উত্তেজনা

নগাঁৱৰ কঠিয়াতলি বুকলুংত পথ দুর্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত তিনিজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতলোক সকলক স্থানীয় ৰাইজে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ বুকলুংত উত্তেজনা

নগাঁও, 6 অক্টোবৰঃ নগাঁৱৰ কঠিয়াতলি বুকলুংত পথ দুর্ঘটনা ৷ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি ৷

দুৰ্গাপূজা অষ্টমীৰ আনন্দ উল্লাসৰ মাজতে বঢ়মপুৰৰ কঠিয়াতলি বুকলুংত উত্তেজনাময় পৰিবেশ সৃষ্টি হয় । কঠিয়াতলী বুকলঙত আলট্ৰা বাছ এখনৰ পিছফালে পছন্দ খুন্দা মাৰে কামপুৰ অভিমুখে আহি থকা এখন AS02-AC5707 নম্বৰৰ ট্ৰেভেলাৰে । দুৰ্ঘটনাত ট্ৰেভেলাৰ খনৰ তিনিজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেভেলাৰ চালকজনে পলায়ন কৰে । ততালিকে আহতলোকসকলক স্থানীয় ৰাইজে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনাত স্থানীয় ৰাইজ উত্তেজিত হৈ ঘাইপথটো অৱৰোধ কৰে ৷

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ বুকলুংত উত্তেজনা
আনহাতে উক্ত পথটোত গতিৰোধ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক দীৰ্ঘদিনৰে পৰা আহ্বান জনাইছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details