অসম

assam

ETV Bharat / state

কলিয়াবৰত টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ; নিহত 1 - টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ

কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়াৱহ দুৰ্ঘটনা ৷ টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ ৷ নিহত এজন আৰু আহত প্ৰায় ২৩ জন যাত্ৰী ৷

টেংকাৰ আৰু যাত্ৰীবাহী বাছৰ মুখামুখী সংঘৰ্ষ

By

Published : Oct 9, 2019, 4:50 PM IST

কলিয়াবৰ,9অক্টোবৰঃ বুধবাৰে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয় । এই বাছ আৰু টেংকাৰৰ দুৰ্ঘটনাত 1 যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় ২৩ জন যাত্ৰী । ইপিনে দুৰ্ঘটনাটোত কেইবাগৰাকী গুৰুতৰভাবে আহত হোৱালৈ চায় নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত টেঙ্কাৰখনৰ নম্বৰ এ এচ ০২ ডি চি ৪০৫৬ আৰু বাছখনৰ নম্বৰ এ এচ ০১ এইছ চি ৮৮৮৭ । দুৰ্ঘটনাগ্ৰস্ত ব্ৰহ্মপুত্ৰ নামৰ যাত্ৰীবাহী বাছখন গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী আছিল ৷ আনহাতে জখলবন্ধা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলাই আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত যাত্ৰীগৰাকীৰ এতিয়ালৈকে পৰিচয় লাভ কৰা হোৱা নাই ।

কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়াবহ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details