অসম

assam

ETV Bharat / state

কলিয়াবৰৰ বৰালিগাঁৱত পথ দুৰ্ঘটনাত আহত এজন লোক

কলিয়াবৰৰ ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম অব‍্যাহত ৷ কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত বৰালিগাঁৱৰ বালিবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ নুমলীগড় শোধনাগাৰৰ পৰা গোৱালপাৰা ঢোপধৰালৈ বিহু বুলি নিজ ঘৰলৈ গৈ থকা অৱস্থাত বৰালিগাঁৱৰ বালিবাটত আৰোহী জন দুৰ্ঘটনাত পতিত হয় ৷

কলিয়াবৰৰ বৰালিগাঁৱত পথ দুৰ্ঘটনাত আহত এজন লোক
কলিয়াবৰৰ বৰালিগাঁৱত পথ দুৰ্ঘটনাত আহত এজন লোক

By

Published : Apr 13, 2021, 1:03 PM IST

কলিয়াবৰ, 13 এপ্ৰিল: কলিয়াবৰৰ বৰালিগাঁৱত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । কলিয়াবৰৰ মিছা আৰক্ষী চকী অন্তৰ্গত বৰালিগাঁৱৰ বালিবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ জানিব পৰা মতে, মঙলবাৰে পুৱা দ্ৰুতবেগী শিলভৰ্তি ডাম্পাৰে মহতীয়াই নিয়ে এখন মটৰ চাইকেলক । ফলত বিষ্ণু ৰয় নামৰ মটৰচাইকেল আৰোহীজন গুৰুত্বৰ ভাবে আহত হয় ৷ নুমলীগড় শোধনাগাৰৰ পৰা গোৱালপাৰা ঢোপধৰালৈ বিহু বুলি নিজ ঘৰলৈ গৈ থকা অৱস্থাত বৰালিগাঁৱৰ বালিবাটত আৰোহী জন দুৰ্ঘটনাত পতিত হয় ৷

উল্লেখ্য যে, স্থানীয় ৰাইজ আৰু মিছা আৰক্ষীৰ সহযোগত গুৰুতৰ ভাৱে আহত লোকজনক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোক জনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । চিকিৎসকে লোকজনৰ দুয়োখন ভৰি ভাঙিছে বুলি জানিব দিয়ে । উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা AS05 K0308 নম্বৰৰ টিভিএচ আপাচি মটৰচাইকেলখনক AS02 BC4398 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিছিল ৷ ইতিমধ্যে ডাম্পাৰখন মিছা আৰক্ষীয়ে জব্দ কৰিছে । আনহাতে আৰক্ষীয়ে আহত লোকজন গোৱালপাৰা জিলাৰ কথক কুঠীৰ বুলি চিনাক্ত কৰিছে ।

লগতে পঢ়ক :ধুবুৰীত ১৯ জনলৈ বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

...view details