অসম

assam

ETV Bharat / state

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন - কলিয়াবৰ প্ৰেছ ক্লাৱ

কলিয়াবৰ প্ৰেছ ক্লাৱ কাৰ্য‍্যালয়ৰ সমীপতেই দুপৰ নিশা এখন কয়লাভৰ্তি ট্ৰাকে কেইবাখনো গাড়ী খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত বাগৰি পৰে । ইপিনে ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে আনকেইখন গাড়ীৰ যাত্ৰীৰ।

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন
কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন

By

Published : Jan 20, 2021, 7:40 AM IST

Updated : Jan 20, 2021, 9:13 AM IST

কলিয়াবৰ,20জানুৱাৰীঃনগাঁও জিলাৰ কৰিয়াবৰৰ জখলাবন্ধাৰ হাস্পতাল চাৰিআলিত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ উল্লেখযোগ্য যে, কলিয়াবৰ প্ৰেছ ক্লাৱ কাৰ্য‍্যালয়ৰ সমীপতেই দুপৰ নিশা এখন কয়লাভৰ্তি ট্ৰাকে কেইবাখনো গাড়ী খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ-খাৱৈত বাগৰি পৰে । ইপিনে ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে আনকেইখন গাড়ীৰ যাত্ৰীৰ।

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন
জানিব পৰা মতে ট্ৰাকৰ চালকজনে মদ্যপান কৰি দ্ৰুতগতিত এটা কেকুৰী পাৰ হ'বলৈ গৈয়ে দুৰ্ঘটনাটো সংঘটিত কৰে। দুৰ্ঘটনাতো ফলত আহত হয় চালক-হেণ্ডিমেন । ঘটানা সংঘটিত হোৱাৰ পিছতেই জখলাবন্ধা আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক সংকটজনক অৱস্থাত গাড়ীখনৰ তলৰ পৰা উদ্ধাৰ কৰি জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰে দুয়োকে ।
কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন

উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে ইউপি42 বিটি 1870 আনহাতে ঘটনাৰ ফলত আহত হোৱা চালক আৰু হেণ্ডিমেন দুজন হৈছে ক্ৰমে সঞ্জয় কুমাৰ প্ৰজাপতি আৰু অশোক কুমাৰ যাদৱ ৷

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন
লগতে পঢ়কঃ প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা
Last Updated : Jan 20, 2021, 9:13 AM IST

ABOUT THE AUTHOR

...view details