ৰহা, 18 ফেব্ৰুৱাৰীঃজাগীৰোডৰ পলাহগুৰিত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰে এখন নৈশ বাছ ৷ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে গৈ আছিল AS-01HC-8966 নম্বৰৰ নৈশ বাছখন ৷ বাছখনত আছিল প্ৰায় 35 গৰাকী যাত্ৰী ৷ ইয়াৰে গুৰুতৰভাৱে আহত প্ৰায় 15 গৰাকী যাত্ৰীৰে অৱস্থা সংকটজনক ৷ আটাইকেইজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ হাস্পতাললৈ প্ৰেৰণ ৷
জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা - Road accident
জাগিৰোডত দুৰ্ঘটনাত পতিত নৈশ বাছ ৷ বাছখনত থকা প্ৰায় 35 গৰাকী যাত্ৰীৰ প্ৰায় 15 গৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক ৷
![জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6110225-39-6110225-1581997782038.jpg)
জাগীৰোডৰ পলাহগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
দুৰ্ঘটনাতপতিত নৈশ বাছ
ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা ৷ অভিযোগ অনুসৰি চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বৰ্তমানলৈকে কোনো লোকৰ মৃত্যুৰ খবৰ লাভ কৰিব পৰা হোৱা নাই ৷