অসম

assam

ETV Bharat / state

কলিয়াবৰৰ দিজু নদীৰ দলঙত ধাৰাবাহিক পথ দুৰ্ঘটনা - দলঙৰ ৰেলিঙ ভাঙি নদীত পৰিল টাটা মেজিক

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত দিজু নদীৰ দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগলৈ দোষ ঠেলি দায়িত্ব সৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

দলঙৰ ৰেলিঙ ভাঙি নদীত পৰিল টাটা মেজিক

By

Published : Nov 17, 2019, 3:45 AM IST

কলিয়াবৰ , 16 নৱেম্বৰঃ কলিয়াবৰৰ আমনিৰ দিজু নদীৰ দলঙত পুনৰ সংঘটিত হ'ল পথ দুৰ্ঘটনা ৷ শনিবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত দলঙৰ ৰেলিং ভাঙি দিজু নদীত পৰিল টাটা মেজিক ৷ স্থানীয় ৰাইজৰ তৎপৰতাত চালকজনক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল টাটা মেজিক
উল্লেখযোগ্য যে , কেইমাহমান আগতে কলিয়াবৰৰ আমনিৰ দিজু নদীৰ দলঙৰ ৰেলিং ভাঙি এখন অইল টেংকাৰ দিজু নদীত পৰিছিল ৷ দলং খনৰ ওপৰত থকা প্ৰকাণ্ড গাঁতবোৰৰ বাবে উক্ত দলংখনত বহুকেইটা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত উজনি আৰু নামনি অসমৰ সংযোগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰা দলঙখন বহু দিন ধৰি মেৰামতি নোহোৱাৰ বাবে ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ৷ ৰাইজৰ অভিযোগ , দলং খনৰ নিৰ্মাণৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে ৷ অঞ্চলটোত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বাবে ৰাষ্ট্ৰীয় পথ নিৰ্মান কৰ্তৃপক্ষই অসম চৰকাৰৰ গড়কাপ্তানী বিভাগলৈ দোষ ঠেলি দায়িত্ব সৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details