অসম

assam

ETV Bharat / state

বিদপসীমাৰ ওপৰত কলঙৰ পানী: শংকিত নগাঁও চহৰবাসী - River Kolong in Nagaon continues to overflow

বিগত কিছুদিন ধৰি হোৱা নেৰনেপেৰা বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে কলং, কপিলীকে ধৰি বিভিন্ন নৈ উপনৈসমূহ (Incessant rain has caused storm in Kalang, Kapili) । নগাঁৱতো কলঙৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে (River Kolong in Nagaon continues to overflow)। নগাঁৱত কলঙৰ বিপদসীমা ৫৯.১৪ মিটাৰ । কিন্তু নগাঁৱত বিপদসীমা অতিক্ৰম কৰি ৬১.০৩ মিটাৰ ওপৰেৰে বৈছে কলঙৰ পানী । নগাঁৱত কলঙৰ জলস্তৰ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নগাঁও চহৰবাসী।

flood-in-nagaon
বিদপসীমাৰ কলঙৰ ওপৰত পানী, শংকিত চহৰবাসী

By

Published : Jun 21, 2022, 8:56 PM IST

নগাঁও, 21 জুন:ৰাজ্যত বছৰটোৰ দ্বিতীয়টো বানে ক্ৰমাৎ সংহাৰী ৰূপ লৈছে (Flood in assam 2022) ৷ বিগত কিছুদিন ধৰি হোৱা নেৰনেপেৰা বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে কলং, কপিলীকে ধৰি বিভিন্ন নৈ উপনৈসমূহ (Incessant rain has caused storm in Kalang, Kapili)। নগাঁৱতো কলঙৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰিছে (River Kolong in Nagaon continues to overflow)। নগাঁৱত কলঙৰ বিপদসীমা ৫৯.১৪ মিটাৰ । কিন্তু নগাঁৱত বিপদসীমা অতিক্ৰম কৰি ৬১.০৩ মিটাৰ ওপৰেৰে বৈছে কলঙৰ পানী (Water level of Kalang is above danger level in Nagaon) । নগাঁৱত কলঙৰ জলস্তৰ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে নগাঁও চহৰবাসী।

ইতিমধ্যে কলঙৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে নগাঁও চহৰৰ বিভিন্ন অঞ্চল । চহৰখনৰ কেইবাটাও পথ, উপ-পথ বুৰ গৈছে কলঙৰ বাঢ়নী পানীত । ফলত বহুকেইটা পথেৰে বন্ধ হৈ পৰিছে যাতায়ত । বিশেষকৈ নগাঁও চহৰৰ লক্ষীনগৰৰ পৰা ভূঞাঁপট্টি সংযোগী পথ, ভূঞাঁপট্টিৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সন্মুখেৰে মৰিগাঁও বাছ আস্থানলৈ যোৱা পথকে ধৰি কেবাটাও পথ জলমগ্ন হৈছে কলঙৰ বাঢ়নী পানীত।

বিদপসীমাৰ কলঙৰ ওপৰত পানী, শংকিত চহৰবাসী

বছৰৰ প্ৰথমটো বানতে ছিঙি পেলোৱা মিলনপুৰৰ পথেৰে বৰ্তমানেও বাগৰিছে কলঙৰ বাঢ়নী পানী । চহৰখনৰ বিভিন্ন অঞ্চলৰ বহুকেইটা বাসগৃহ ইতিমধ্যেই বাঢ়নী পানীৰ কবলত পৰিছে। ফলত বহু পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

উল্লেখ্য, মৰমৰ ঘৰখন এৰি আশ্ৰয় বিচাৰি বহু পৰিয়াল ঢাপলি মেলিছে আত্মীয়ৰ ঘৰলৈ । বানৰ আশংকাত এতিয়া দিন কটাবলগীয়া হৈছে নগাঁও চহৰৰ বাসিন্দাই । ইয়াৰোপৰি কলঙৰ বাঢ়নী পানীয়ে জিলাখনৰ দক্ষিণপাট, বৰক'লা, ডাকৰঘাট আদি অঞ্চলো পৰিছে বানৰ কৱলত । সাধাৰণতে পানীৰ সৈতে সহৱস্থান নকৰা নগাঁও চহৰৰ ৰাইজৰ মাজত এতিয়া আতংকৰ সৃষ্টি কৰিছে কলঙৰ বাঢ়নী পানীয়ে । ইপিনে নগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়েও অতিক্ৰম কৰিছে বিপদসীমা (Brahmaputra water level has also crossed danger mark in Nagaon) । ইয়াকে লৈ এতিয়া গভীৰ শংকিত নৈপৰীয়া ৰাইজ।

লগতে পঢ়ক:দোৰপাং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে পকী দলং

ABOUT THE AUTHOR

...view details