অসম

assam

ETV Bharat / state

বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষকৰ কাষত ৰিপুন বৰা - আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম

নগাঁৱৰ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকৰ কাষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ দিল্লীৰ কৃষক আন্দোলনৰ দৰে তীব্ৰ আন্দোলন কৰিবলৈ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক আহ্বান ৰিপুন বৰাৰ।

Ripun Bora at bamuni mikir grant
বামুণী মিকিৰ গ্ৰাণ্টৰ কৃষকৰ কাষত ৰিপুন বৰা

By

Published : Jan 4, 2021, 11:43 AM IST

নগাঁও, 4 জানুৱাৰী:দিল্লীৰ কৃষকৰ দৰে অসমৰ কৃষক সকলকো প্ৰাপ্য লাভৰ বাবে আন্দোলন কৰিবলৈ আহ্বান জনাই নগাঁৱৰ মিকিৰ বামুনী গ্ৰাণ্টৰ কৃষকৰ কাষত থিয় দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ কৃষক সকলৰ কাষত থিয় দি বৰাই নগাঁৱৰ বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা দখলদাৰী কৃষকক চৰকাৰ তথা প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ যোৱাৰ অভিযোগ উত্থাপন কৰি এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ৷

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক দিল্লীৰ কৃষকৰ দৰে আন্দোলন কৰাৰ আহ্বান

জানিব পৰা মতে অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে "আজুৰ" কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে ৷ এই কাৰ্যত অসন্তুষ্ট হৈ বামুনী হায়ংথলৰ একাংশ লোকে ন্যায়ালয়ৰ কাষ চপাৰ পাছতে কৃষকক উচ্ছেদ কৰি খিলঞ্জীয়া তথা দৰিদ্ৰ কৃষক ৰাইজৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পাছতে এতিয়া আমদাঙাত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈ আহিছে ।

শেহতীয়াকৈ এই কৃষকসকলৰ কাষত উপস্থিত হৈ অসম অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আমদাঙাত এজনো কৃষকৰ কৃষি ভূমি বহিৰাগত বণিক গোষ্ঠীক গতাই দিয়া নহব বুলি হুংকাৰ দিয়াৰ লগতে বঢ়মপুৰৰ বামুনী মিকিৰ গ্ৰাণ্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত লোকক উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷

জাতি-মাটি ৰক্ষা কৰা বুলি এইখন চৰকাৰে নিলাজ শ্লোগান দিছে বুলি মন্তব্য কৰি বৰাই লগতে কয় যে বামুনী মিকিৰ গ্ৰাণ্টৰ কৃষক সকলৰ সমস্যা আৰু আন্দোলনত কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব ৷

লগতে পঢ়ক:মন্ত্ৰী যোগেন মহনৰ ঘনিষ্ঠ বিজেপি নেতা বিপুল ফুকনৰ জাতীয় পৰিষদত যোগদান

For All Latest Updates

ABOUT THE AUTHOR

...view details