ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈক লগত লৈ ৰিপুন বৰাৰ সংবাদ মেল - সংবাদ মেল
ন্যূনতম আয় নিশ্চিতকৰণ আঁচনিৰ কথা উল্লেখ কৰে সংবাদ মেলত ৰিপুন বৰাই

নগাঁও,26 মাৰ্চঃ নগাঁৱত ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈক লগত লৈ ৰিপুন বৰাৰ সংবাদ মেল। মঙলবাৰে নগাঁওলোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিলৰ পূৰ্বে নগাঁওৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। ৰাহুল গান্ধীয়ে ঘোষণা কৰা নূন্যতম আয় নিশ্চিতকৰণ আঁচনিৰ কথা উল্লেখ কৰিসংবাদ মেলত ৰিপুন বৰাই বিজেপিৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ সহায়ত ভোট লোৱাৰ কথাও কয় । লগতে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি ৰিপুন বৰাৰ দাবী অসমৰ 10-11খন আসনেই কংগ্ৰেছে লাভ কৰিব। আজিৰ পৰাই অসম প্ৰদেশ কংগ্ৰেছে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা বুলি উল্লেখ কৰে ৰিপুন বৰায়ে ৷