বটদ্ৰৱা, 8 মাৰ্চ : সুলভ মূল্যৰ চাউলৰ চিণ্ডিকেট থলীত পৰিণত বটদ্ৰৱা ৷ দৰিদ্ৰ জনসাধাৰণক বিতৰণৰ পৰিৱৰ্তে বজাৰত বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত জব্দ 16 বস্তাকৈ সুলভ মূল্যৰ চাউল৷
আৰক্ষীৰ ছত্ৰছায়াতেই বটদ্ৰৱাত চলিছে সুলভ মূল্যৰ চাউলৰ চিণ্ডিকেট - etv bharat
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ বটদ্ৰৱা আৰক্ষীৰ উপ পৰিদৰ্শক লোহিত ভূঞাৰ ৷
বটদ্ৰৱাৰ ৰামপুৰত সোমবাৰে সংঘটিত হয় এই ঘটনা ৷ বটদ্ৰৱা সমবায় সমষ্টিৰ 16 বস্তাকৈ সুলভ মূল্যৰ চাউল ঘোৰা গাড়ীৰে বিক্ৰী কৰিবলৈ যোৱা অৱস্থাত জব্দ কৰে স্থানীয় ৰাইজে৷ ঘটনাৰ উমান পাই ইটিভি ভাৰতৰ সাংবাদিক ঘটনাস্থলীত উপস্থিত হয় যদিও বাতৰি সংগ্ৰহত বাধা আৰোপ কৰে বটদ্ৰৱা আৰক্ষীৰ উপ পৰিদৰ্শক লোহিত ভূঞাই ৷ সাংবাদিকক কৰা এনে অভব্য আচৰণৰ পাচতেই চাউল চিণ্ডিকেটত আওপকীয়াকৈ আৰক্ষীও জড়িত বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷ বটদ্ৰৱাৰ মাজমজিয়াত চলি থকা এনেধৰণৰ চাউল চিণ্ডিকেট ৰোধ কৰিব নোৱাৰা আৰক্ষীয়ে সাংবাদিকক কৰা অভব্য আচৰণৰ পাচতেই আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷