অসম

assam

ETV Bharat / state

লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল

ভুৱা প্ৰতিবেদন দাখিলৰ অভিযোগ বন বিষয়াৰ বিৰুদ্ধে ৷ গঁড়টো বিগত বৰ্ষৰ ছেপ্তেম্বৰতে হত্যা হোৱাৰ সন্দেহ ৷

By

Published : Jun 24, 2019, 9:23 PM IST

লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল

নগাঁও, 24 জুন : লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল । বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই আজি অভিযান চলায় লাওখোৱা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰিলে গঁড়টোৰ কংকাল । গঁড়টো বিগত বৰ্ষৰ ছেপ্তেম্বৰতে হত্যা হোৱাৰ সন্দেহ ৷ আনহাতে, সেই সময়ত ওৰাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এশিঙীয়া গঁড়টো পুনৰ ঘূৰি যোৱাৰ প্ৰতিবেদন দিছিল বনবিভাগে ৷ কিন্তু এই বিষয়ে ভুৱা প্ৰতিবেদন দাখিলৰ অভিযোগ সেই সময়ৰ নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে ৷ কেইমাহমান পূৰ্বে নগাঁৱৰ পৰা বদলি কৰা হৈছিল বিষয়াগৰাকীক । অৱশ্যে তদন্তৰ পাচতহে ওলাই পৰিব ঘটনাৰ সত্যতা ৷

ABOUT THE AUTHOR

...view details