নগাঁও, 6 জানুৱাৰী :ক্ৰমাৎ বেদখলকাৰীৰ ৰম্যভূমিলৈ পৰিণত হোৱা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত বিগত বৰ্ষত উচ্ছেদৰ পাছতে বুঢ়াচাপৰিলৈ আহিছে ভাল খবৰ। উল্লেখ্য যে, 2017 চনতে লাওখোৱা অভয়াৰণ্যৰ বেদখলকৃত বহু ভূমি চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছত বিগত বৰ্ষতো বুঢ়াচাপৰি অভয়াৰণ্যতো উচ্ছেদ অভিযান চলাইছিল প্ৰশাসনে ৷
বিশেষকৈ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ সৈতে সংযুক্ত বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ পিছতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ বন্য জীৱ-জন্তু অহা যোৱাৰ বাট মুকলি হৈ পৰে । ইপিনে এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণৰ বাবে উপযোগী বুলি বিবেচিত ভূমি তথা গঁড়ৰ খাদ্যৰ বাবে বিখ্যাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য ।
এফালে অভয়াৰণ্য দুখনৰ বৃহৎ ভূমি বেদখলমুক্ত আনফালে গঁড়ৰ মুক্ত বিচৰণৰ উপযোগী ভূমি হিচাপে বিবেচিত অভয়াৰণ্য দুখনত পুনৰ গঁড় সংস্থাপনেৰে জীপাল কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে চৰকাৰ তথা বন বিভাগে । ইয়াৰ মাজতেই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ আগমন ঘটিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ ।