কলিয়াবৰ, 17 জুন:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানেও সক্ৰিয় চোৰাং চিকাৰী । কিন্তু চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে স্থানীয় আৰক্ষী । এক গোপন সূত্ৰৰ পম খেদি জখলাবন্ধা আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছে চাৰিজনকৈ চোৰাং চিকাৰী ৷
কলিয়াবৰত চোৰাং চিকাৰী আটক - জখলাবন্ধা আৰক্ষী
কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা আটক চাৰি চোৰাং চিকাৰী ৷ জখলাবন্ধা আৰক্ষীৰ এক অভিযানত আটক হোৱা চোৰাং চিকাৰী কেইজনৰ পৰা উদ্ধাৰ পাঁচটা 303 ৰাইফলৰ গুলি ৷
জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ সহযোগত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত আৰক্ষীৰ জালত পৰে চোৰাং চিকাৰীকেইজন । ধৃত চিকাৰী কেইজন চামগুৰিৰ জমিৰ আলী,কুঠৰীৰ বাবুল আলী,হাওৰাঘাটৰ হেমাৰী ইংতি আৰু কাংবুৰা টক্বি বুলি চিনাক্ত কৰাৰ লগতে পাঁচ ৰাউণ্ড সজীৱ গুলিকে ধৰি চাৰিটা ম’বাইল জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি চোৰাং চিকাৰী কেইজনৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীয়ে অস্ত্ৰ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত ।
লগতে চাওকঃবৰপেটাত এসপ্তাহে বন্ধ পানীৰ যোগান