অসম

assam

By

Published : Jun 11, 2019, 6:58 PM IST

ETV Bharat / state

কলিয়াবৰ আৰক্ষীৰ অভিযানত আটক 4 দুধৰ্ষ চোৰাং চিকাৰী

গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়বৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ অভিযানত আটক চাৰি চোৰাং চিকাৰী ৷ চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ ৩০৩ ৰাইফলৰ দহ জাঁই সজীৱ গুলী,চাৰিচকীয়া বাহন ৷

কলিয়াবৰ আৰক্ষীৰ সফলতা, ধৃত 4 চোৰাং চিকাৰী

কলিয়াবৰ,11 জুন: গঁড় চিকাৰীৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ সফলতা । এই অভিযানৰ সময়ত ৩০৩ ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী,চাৰিচকীয়া বাহনৰ সৈতে বাগৰিত আটক চাৰি চোৰাং চিকাৰী। জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত আৰক্ষীৰ জালত পৰে চাৰি দুধৰ্ষ চোৰাং চিকাৰী। সোমবাৰে নিশা বাগৰিৰ তেল ডিপোৰ সন্মুখৰ পৰা আটক কৰে চোৰাং চিকাৰী কেইটাক । ধৃত চাৰি চোৰাং চিকাৰী ৰূপহীহাট চাইদৰীয়াৰ আনোৱাৰ হুছেইন,লংকা নখুটিৰ ৰমজান আলি,জুৰিয়া উদমাৰীৰ ইমান আলি আৰু নগালেণ্ড-অসম সীমান্তৰ দিলীপ বড়ো বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। চোৰাং চিকাৰীৰ দলটো এখন ইয়ন গাড়ীৰে আহিছিল। জখলাবন্ধা আৰক্ষী নিৱেশত সোধা-পোচা অব্যাহত আছে ধৃত চোৰাং চিকাৰী দলটোৰ। কাজিৰঙাত গড়ঁ হত্যাৰ পৰিকল্পনাৰে বাগৰি এলেকাত থিতাপি ল'বলৈ আহোতেই আৰক্ষীৰ জালত পৰে চোৰাং চিকাৰী কেইটা। চোৰাং চিকাৰীৰ দলটোৰ পৰা থ্ৰী নট থ্ৰী ৰাইফলৰ দহ ৰাউণ্ড সজীৱ গুলী আৰু এখন ইয়ন গাড়ী জব্দ কৰে আৰক্ষীয়ে ৷

কলিয়াবৰ আৰক্ষীৰ সফলতা, ধৃত 4 চোৰাং চিকাৰী

লগতে পঢ়ক: সমাধিস্থলত কেনে আছে সুধাকণ্ঠ?

উল্লেখযোগ্য যে, ধৃত দিলীপ বড়ো শ্বাৰ্প শ্বুটাৰ বুলি জনাইছে আৰক্ষীয়ে। ইফালে গঁড় হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰটোৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details