নগাঁও, 29 আগষ্ট : নগাঁৱৰ জখলাবন্ধা আৰক্ষীয়ে দেওবাৰে কাজিৰঙা গঁড় চিকাৰৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kajiranga National Park) গঁড় চিকাৰীৰ বিৰুদ্ধে জখলাবন্ধা আৰক্ষীৰ ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । জখলাবন্ধা আৰক্ষীয়ে এনে এক অভিযানতে দেওবাৰে এই সফলতা লাভ কৰে ৷
বিগত বৰ্ষসমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ তথা গঁড়ৰ সুৰক্ষা প্ৰদানত সফল হৈছে কলিয়াবৰ আৰক্ষী (Kaliyabar Police) । আৰক্ষীয়ে এই ধাৰাবাহিক অভিযানৰ ফলত ২০১৯ চনৰ ২১ এপ্ৰিলত জখলাবন্ধাত ৩০৩ ৰাইফলসহ চাৰি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ দেওবাৰে জখলাবন্ধা আৰক্ষীয়ে (Jakhalabanda Police) এই চোৰাং চিকাৰীকেইটাৰ তথ্যৰ ভিত্তিত চোৰাং চিকাৰীৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷