তেজপুৰ,কলিয়াবৰ ২৪ জুলাই : অৱশেষত মৃত্যুক আঁকোৱালী ললে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শুই থকা গড়টো ৷ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কে কে শৰ্মাৰ নেতৃত্বত চিকিৎসা প্ৰদান কৰাৰ পিচত গঁড়টো কিছু সুস্থ হৈছিল যদিও শুকুৰবাৰে মৃত্যু হয় গঁড়টোৰ ৷
উল্লেখ্য যে,17 জুলাইত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ বান্দৰডুবিত চকুৰে মণিব নোৱাৰা হৈ আশ্ৰয় গ্ৰহণ কৰিছিল গড়টো ৷ জানিব পৰা মতে,উক্ত দিনাৰ পৰাই ধাৰাবাহিকভাৱে গঁড়টোক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছিল যদিও শুকুৰবাৰে গঁড়টো মৃত্যুৰ মুখত পৰে ৷