অসম

assam

ETV Bharat / state

কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড় - Rhino on 37 NH at Kaliabor

৩৭ নং ৰাষ্ট্ৰীয় পথত এটা গঁড়ৰ অৱস্থান। লগে লগে স্তব্ধ হৈ পৰে দুই পাৰৰ যান-বাহন ।

Kaliabor
Kaliabor

By

Published : Jul 17, 2020, 7:52 PM IST

কলিয়াবৰ, 17 জুলাইঃপ্ৰলয়ংকাৰী বানৰ ফলত ৰাজপথলৈ ওলাই আহিছে এটা প্ৰকাণ্ড গঁড় ৷ শুকুৰবাৰে কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত এটা গঁড়ৰ অৱস্থান। লগে লগে স্তব্ধ হৈ পৰে দুই পাৰৰ যান-বাহন ।

কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

বনৰক্ষী আৰু আৰক্ষী উপস্থিত হৈ গঁড়টোক বনলৈ উভতাই পঠিওৱাৰ চেষ্টা চলাই যদিও পথ এৰি নিদিয়ে গঁড়টোৱে।

কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

ফলত দুঘন্টা ধৰি পথটোৰ দুইপাৰে ৰৈ পৰে যান-বাহনসমূহ ৷

কলিয়াবৰৰ ৰাজপথলৈ ওলাই আহিল গঁড়

অৱশ‍্যে গঁড়টোৱে কাৰো ক্ষতি নকৰাকৈ প্ৰায় দুঘণ্টা মানৰ অন্তত কাজিৰঙাৰ হাবিৰ ফালে ধীৰ খোজেৰে গতি কৰে। বানত বিধস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা গঁড়টো ওলাই আহিছিল বুলি অৱগত কৰে বন বিভাগে ৷

লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ

ABOUT THE AUTHOR

...view details