অসম

assam

ETV Bharat / state

কাজিৰঙাত উদ্ধাৰ মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালী - অসমৰ বনাঞ্চল

বছৰৰ দ্বিতীয়টো বানত দিশহাৰা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ । মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালীক উদ্ধাৰ কৰিছে বন বিভাগৰ লোকে ৷

rhino calf rescued near kaziranga national park
rhino calf rescued near kaziranga national park

By

Published : Jul 15, 2020, 2:09 PM IST

নগাঁও, 15 জুলাই : বলিয়া বানত মানুহৰ লগতে বিলাই-বিপত্তি নোহোৱা হৈছে অসমৰ বনাঞ্চলৰ বন্যপ্ৰাণীসমূহৰ । । বছৰৰ দ্বিতীয়টো বানত দিশহাৰা হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ । আশ্রয় বিচাৰি হাহাকাৰ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে । গঁড়, হাতী, হৰিণাকে ধৰি বহু জীৱ-জন্তু ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে । আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়ত বহুকেইটা বনজ জীৱৰ মৃত্যু হোৱাৰ লগতে জীৱ শ্ৰেষ্ঠৰ হাততো নিধন হৈছে একাংশ জন্তু ৷

rhino calf rescued near kaziranga national park

এনে এক পৰিস্থিতিৰ মাজতে মঙলবাৰে মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা গঁড় পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হয় কাজিৰঙাৰ বন কৰ্মীৰ এটা দলে। ৰাষ্ট্ৰীয় উদ্যানখনৰ আগাৰতলী ৰেঞ্জৰ সমীপৰ অধীনৰ এটা এলেকাত হাহাকাৰ কৰা মাইকী গঁড় পোৱালীটোক উদ্ধাৰ কৰে বন কৰ্মীৰ এটা দলে । পিচত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় গঁড় পোৱালীটো ৷ চৰকাৰ আৰু বন বিভাগৰ তৰফৰ পৰা বাৰম্বাৰ ৰাইজক আহ্বান জনোৱা হৈছে বানত ভীতিগ্ৰস্ত বনজ জীৱ সমূহৰ অনিষ্ট সাধন নকৰিবৰ বাবে ৷

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details