নগাঁও,16জানুৱাৰী: কলিয়াবৰৰ জমখলাত গঁড়ৰ মুক্ত বিচৰণ ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড়ে এতিয়া আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ কলিয়াবৰৰ জমখলা অঞ্চলত ৷ বৰ্তমান জমখলাৰ বিষ্ণু মন্দিৰৰ কাষত আশ্ৰয় লৈ আছে গঁড়টো ।
প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়ত স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল গঁড়টো । ইয়াৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে বনবিভাগক ৷ বনবিভাগে উক্ত স্থানত উপস্থিত হৈ গড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱাৰ চেষ্টা চলাই আছে ৷