ৰহা, ৯ নৱেম্বৰ :এজন ৬০ উৰ্ধৰ ব্যক্তি । ব্যক্তিগৰাকীৰ হাতত প্ৰাণ পাই উঠে কিছুমান নিৰ্জীৱ সামগ্ৰীয়ে । কেতিয়াবা যদি বাঁহৰ মূঢ়া নাইবা বিভিন্ন গছৰ মূঢ়ায়ো কৈ গৈছে বহু কথা, আন কেতিয়াবা আকৌ শিল্পীগৰাকীৰ সুলভ হাতৰ পৰশত শুকান নাৰিকলকে আদি কৰি বিভিন্ন পেলনীয়া সা-সামগ্ৰীয়েও প্ৰাণ পাই উঠা দেখিবলৈ পোৱা গৈছে ।
আমি উল্লেখ কৰা ব্যক্তিগৰকী হৈছে ৰহাৰ সুৰেন্দ্ৰ নাথ ৷ ৰহাৰ সুৰেন্দ্ৰ নাথ নামৰ এই ব্যক্তিগৰাকীয়ে শুকান নাৰিকলৰে চৰাই-চিৰিকতি, বাঁহৰ মূঢ়াৰে ড্ৰেগন, মুখাকে আদি কৰি বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য সা-সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে ।
ভাস্কৰ্য শিল্পৰ সমান্তৰালভাৱে চিত্ৰাংকন, সংগীত আদিতো আছে তেওঁৰ অসাধাৰণ প্ৰতিভা । ৰহাৰ দীঘলদৰী গাঁও নিবাসী সুৰেন্দ্ৰ নাথ পেছাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক । আজৰি সময়ত নিজক কিছু সৃষ্টিশীল কামত ব্যস্ত ৰাখিবলৈ এইদৰে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সাজি উলিয়াইছে আটকধুনীয়া ভাস্কৰ্য, কলাজ ইত্যাদি ।
১৯৪৩ চনত ৰহাৰ বিষ্ণু-জ্যোতি চিত্ৰাংকন বিদ্যালয়ত সুৰেন্দ্ৰ কুমাৰ নাথে গ্ৰহণ কৰিছিল চিত্ৰাংকনৰ শিক্ষা । তাৰ পিচতে ১৯৯১ চনত দীঘলদৰিৰ নিজ গৃহতে চিত্ৰলেখা কলা কেন্দ্ৰ নামেৰে এখন চিত্ৰাংকন বিদ্যালয় প্ৰতিষ্ঠা কৰি কণ-কণ শিশুসকলক বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে চিত্ৰাংকনৰ শিক্ষা । আজিও এই বিদ্যালয়ত প্ৰতি দেওবাৰে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ চিত্ৰাংকনৰ শিক্ষা প্ৰদান কৰি আহিছে সুৰেন্দ্ৰ কুমাৰ নাথে ।