অসম

assam

ETV Bharat / state

নগাঁৱৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিৰ দেহাৱসান - নগাঁৱৰ অৱসৰ প্ৰাপ্ত অধ্যাপক

চিৰবিদায় মাগিলে নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিয়ে । মঙলবাৰে পুৱা নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে । পৰিয়ালৰ লোকৰ লগতে ছাত্ৰ-ছাত্ৰী, নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু গুণমুগ্ধই অনুজ বৰকাকতিৰ আত্মাৰ চিৰশান্তি কামনাৰে শেষ শ্ৰদ্ধা জনায় ।

চিৰবিদায় মাগিলে নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিয়ে
চিৰবিদায় মাগিলে নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিয়ে

By

Published : Dec 29, 2020, 7:12 PM IST

নগাঁও, ২৯ ডিচেম্বৰ: মঙলবাৰে পৰলোকপ্ৰাপ্তি ঘটে নগাঁও মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিৰ । ১৯৬৪ চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰি কৃতিত্বৰে উৰ্ত্তীণ হৈছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে ১৯৬৯ চনত নগাঁও মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা হিচাপে যোগদান কৰে ।

পিছত সেইখন মহাবিদ্যালয়ৰ পৰাই ২০০৯ চনত পদাৰ্থ বিজ্ঞানৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে । অনুজ বৰকাকতি শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ দ্বিতীয় পুত্ৰ । অৱসৰৰ পাছতো প্ৰায় ৯ বছৰ ধৰি নগাঁও কলেজত বিনা পাৰিশ্ৰমিকৰে ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি আহিছিল বৰকাকতিয়ে । তেওঁৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে ।

মঙলবাৰে দুপৰীয়া নগাঁও মহাবিদ্যালয়লৈ নশ্বৰ দেহ অনা হয় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীকে ধৰি সকলো অধ্যাপক অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে । বিয়লি আমোলাপট্টি শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় । তেওঁৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই শোকপ্ৰকাশ কৰে ।

নগাঁও জিলা সাহিত্য সভা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে ।


লগতে পঢ়ক:নগাঁৱত কৃষকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ

ABOUT THE AUTHOR

...view details