নগাঁও, 19 ডিচেম্বৰ : তিৱা পৰিষদীয় নিৰ্বাচনত ইতিমধ্যে দুজনকৈ বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছে ৷ নগাঁৱৰ লালুংপাৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মদন বৰদলৈয়ে ১১৭৪ টা ভোটত জয়লাভ কৰিছে ৷ মদন বৰদলৈয়ে মুঠ ২৭৫১ টা ভোট লাভ কৰাৰ বিপৰীতে অগপই ১৫৯৭ টা ভোট আৰু কংগ্ৰেছে ৮৭৪ টা ভোট লাভ কৰে ।
তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল: দুজন বিজেপি প্ৰাৰ্থীৰ জয় - দুজনকৈ বিজেপি প্ৰাৰ্থীৰ জয় লাভ
তিৱা পৰিষদীয় নিৰ্বাচনত ইতিমধ্যে দুজনকৈ বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছে ৷ নগাঁৱৰ লালুংপাৰ পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মদন বৰদলৈয়ে জয় লাভ কৰাৰ বিপৰীতে নগাঁৱৰ জৰাবৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী গিতামণি কলিতা ভূঞাই জয় লাভ কৰিছে ৷

তিৱা পৰিষদীয় নিৰ্বাচনৰ ফলাফল
ইফালে, নগাঁৱৰ জৰাবৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী গিতামণি কলিতা ভূঞাই জয় লাভ কৰিছে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৮৯০ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁ মূল প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ২৪৯৭ টা ভোট ৷
লগতে পঢ়ক:তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ ভোট গণনাৰ LIVE UPDATE...