নগাঁও, 26 জুলাই : ৰাজ্যৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা মধ্য অসমৰ ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ লগতে বাঁহ-বেত শিল্পৰ বজাৰখনত এতিয়া নিমাওমাও পৰিৱেশ বিৰাজমান ৷ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে একপ্ৰকাৰে বিক্ৰী বন্ধ হৈ পৰিছে বজাৰখনৰ ব্যৱসায়ীসকলৰ ৷ পূৰ্বে ডাব খাবলৈ গ্ৰাহকে শাৰী পাতিবলগীয়া বজাৰখনত এতিয়া গ্ৰাহকৰ অপেক্ষাত পুৱাৰ পৰা গধূলিলৈ বহি থাকিবলগীয়া হৈছে ব্যৱসায়ীসকল ৷ যাৰ বাবে তীব্ৰ অৰ্থ সংকটত পৰিছে ব্যৱসায়ীসকল ৷
উল্লেখ্য যে, উজনি-নামনিলৈ যাতায়াত কৰা প্ৰতিজন যাত্ৰীৰেই দৃষ্টি আকৰ্ষণ কৰে এই বজাৰখনে ৷ বিভিন্ন শীতল পানীয়ক প্ৰত্যাহ্বান জনাই যাত্ৰীক উৎকট গৰমৰ পৰা কিছু হ’লেও পৰিত্ৰাণ দিয়াৰ প্ৰয়াস কৰি আহিছে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ এই ডাব নাৰিকলৰ বজাৰখনে ৷ মধ্য অসমৰ মাজেৰে যাতায়াত কৰা প্ৰায় প্ৰতিজন যাত্ৰীয়েই এপলক হ’লেও ৰৈ সোৱাদ লয় এইখন বজাৰত উপলব্ধ ডাবৰ ৷ কেৱল ডাব নাৰিকলেই নহয় বাঁহ-বেতেৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰীও বিক্ৰী কৰা হয় বজাৰখনত ৷
লগতে পঢ়কঃপুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত