অসম

assam

ETV Bharat / state

মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কামপুৰ প্ৰশাসন - সষ্টম হৈ পৰিছে কামপুৰ প্ৰশাসন

মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কামপুৰ প্ৰশাসন । ক'ভিড প্ৰটকল মানি চলাত একাংশই প্ৰদৰ্শন কৰা অনীহা প্ৰতিৰোধ কৰি এক সুস্থ পৰিৱেশ অটুট ৰখাৰ বাবে সষ্টম হৈ পৰিছে কামপুৰ প্ৰশাসন ।

মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কামপুৰ প্ৰশাসন
মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কামপুৰ প্ৰশাসন

By

Published : Apr 23, 2021, 5:59 PM IST

বঢ়মপুৰ, ২৩ এপ্ৰিল: ৰাজ্যৰ ক'ভিড পৰিস্থিতি জটিল পৰ্যায়লৈ যোৱাৰ পিছতো সচেতন হোৱা নাই একাংশ ৰাইজ । ক'ভিড প্ৰটকল মানি চলাত একাংশই প্ৰদৰ্শন কৰা অনীহা প্ৰতিৰোধ কৰি এক সুস্থ পৰিৱেশ অটুট ৰখাৰ বাবে সষ্টম হৈ পৰিছে কামপুৰ প্ৰশাসন । বিভিন্ন মাধ্যমৰ যোগেদি ৰাজহুৱা স্থানত মাক্স পৰিধান কৰিবলৈ ৰাইজলৈ বাৰাম্বাৰ আহ্বান জনাই অহাৰ স্বত্বেও প্ৰশাসনৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবিবেচক একাংশ ৰাইজৰ বিৰুদ্ধে শুকুৰবাৰে কামপুৰ চহৰত কামপুৰ চক্ৰ বিষয়া আৰু কামপুৰ আৰক্ষীৰ উপস্থিতিত কামপুৰ চহৰত এক অভিযান চলায় ।

মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে কঠোৰ কামপুৰ প্ৰশাসন

অভিযান কালত প্ৰশাসনে মাক্স নিপিন্ধা লোকক ১০০০ টকালৈকে জৰিমনা আদায় লোৱাৰ লগতে এক সজাগতা অভিযানও চলায় । কামপুৰ প্ৰশাসনৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে আদৰণি জনোৱাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে মাক্স পিন্ধাৰ লগতে ক'ভিড প্ৰটকল মানি চলিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক: নামতিৰ এগৰাকী অক্লান্ত পৰিশ্ৰমী মহিলাৰ জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details