নগাঁও, ৫ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত শুক্ৰবাৰে নগাঁৱত হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয় । নগাঁও জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ উদ্যোগত খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, 'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ হকে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ।
দৰিদ্ৰ লোকসকলক সকাহ দিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰি এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে' । শুক্ৰবাৰে শতাধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ৰেচন কাৰ্ড প্ৰদান কৰা হয় । এই ৰেচন কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীসকলে চাউলকে ধৰি আন খাদ্য সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব ।