কলিয়াবৰ,12 মে’:দেশত ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ তাৰ সমান্তৰলভাৱে ৰাজ্যতো উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ নগাঁও জিলাৰ কলিয়াবৰতো বৃদ্ধি পাইছে ক’ভিড-19 ৰ সংক্ৰমণৰ সংখ্যা ৷
উল্লেখযোগ্য যে, কলিয়াবৰৰ এক আৱাসিক অঞ্চলত 11 গৰাকী লোকৰ দেহত ক’ভিড-19 ধৰা পৰাৰ পিছতে প্ৰশাসনে চুলুঙৰ এক অস্থায়ী আৱাসিক এলেকাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷
কলিয়াবৰত এটা আৱাসিক এলেকাক কণ্টেইনমেণ্ট জ'ন ঘোষণা জানিব পৰা মতে, নিৰ্মীয়মান দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ প্ৰতিষ্ঠান 'গেমন ইঞ্জিনীয়াৰ আৰু কনষ্ট্ৰাকচন'ৰ আৱাসিক এলেকাত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মহকুমা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে ৷ প্ৰায় এশজন আৱাসী থকা অঞ্চলটোত এই পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ক’ভিড-19 ৰ পৰীক্ষা ৷ বুধবাৰৰ দিনটোত ২৫ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-19 ৰ পৰীক্ষা সম্পন্ন হয় যদিও অধিকাংশৰ ক’ভিড কীটৰ অভাৱত সম্পূৰ্ণ নহ'ল পৰীক্ষা । সম্প্ৰতি অঞ্চলটোত অধিক ক’ভিড-19 ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বুধবাৰে কৰা পৰীক্ষাত গেমন ইণ্ডিয়াৰ ২ গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড-19 ৰ উপস্থিতি পোৱা গৈছে ।
লগতে পঢ়ক: অজান দেশলৈ গ’লগৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...