নগাঁও, 7 আগষ্টঃ কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম, শিক্ষা, কলা আদিৰ সমাৱেশক সংস্কৃতি বা কৃষ্টি বুলিব পাৰি । বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত উত্তৰ পূব ভাৰতৰ সংস্কৃতিৰ পৰিসৰ অতি বিশাল । নিজাববীয়াকৈ এই বিশাল লোক-সংস্কৃতিৰ সমলসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ দায়িত্ব বহন কৰি আহিছে উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই ৷ যিসময়ত ৰাজ্য চৰকাৰৰ বিয়াগোম সাংস্কৃতিক বিভাগে লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত ভিন্ন পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে সেই সময়তে উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই হাতে-কামে লাগি ইয়াৰ নিদৰ্শন দাঙি ধৰিছে ৷
উত্তৰ পূব ভাৰতৰ লোক সংস্কৃতিৰ সমল সংৰক্ষণৰ বাবে ২০০৯ চনতে গঠন হৈছিল লোক সংস্কৃতি গৱেষণা কেন্দ্ৰ । লোক সংস্কৃতিৰ গৱেষক হেমন্ত শইকীয়া আৰু বিৰিঞ্চি গোহাঁই নামৰ দুজন লোকে আৰম্ভ কৰা লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই আৰম্ভণিৰ পৰাই ভাৰতবর্ষৰ লগতে বিশ্বৰ আন আন লোকসংস্কৃতিৰ সংগঠনসমূহৰ সহযোগত উত্তৰ পূব ভাৰতৰ বিভিন্ন লোকসংস্কৃতিৰ সমলসমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ আহিছে । বিভিন্ন জনজাতীয় লোকৰ বাদ্য যন্ত্ৰ , বস্ত্ৰ , জনজাতীয় লোকে ব্যৱহাৰ কৰা সামগ্ৰী আদি সংৰক্ষণ কৰাৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰি আহিছে দুই গৱেষকে ৷ গৱেষক দুগৰাকীৰ প্ৰচেষ্টাত কিছুদিন পূৰ্বে দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হৈছিল উত্তৰ পূবৰ বাদ্য যন্ত্ৰ আৰু সামগ্ৰী । উদ্দেশ্য এটাই প্ৰজন্ম প্ৰজন্মৰ বাবে পৰিচিত হৈ ৰওঁক এই সমলসমূহ ৷