বঢ়মপুৰ, 26 ফেব্ৰুৱাৰী : বুধবাৰে কামপুৰ বৰক'লা সংযোগী পথৰ দাঁতিৰ জংঘলত অচেতন অৱস্থাত উদ্ধাৰ হয় এজন গাড়ীচালক ৷ তিনিদিন ধৰি জংঘলত পৰি থকা অৱস্থাত স্থানীয় কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি গাড়ীচালক জনক উদ্ধাৰ কৰে ৷ স্থানীয় যুৱককেইজনৰ প্ৰচেষ্টাত গাড়ীচালক জনক কামপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে উদ্ধাৰ হোৱা চালক জন বটদ্ৰৱা কদমনিৰ আচানউল্লা ৷ সোমবাৰে নিশা চালক জনে এখন টাটা মবাইলৰে বৈঠালাংচুলৈ মাছ কঢ়িয়াই আনিছিল ৷ ঘৰলৈ ওভতাৰ পথত চালক জনক কোনো দূৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰি পেলাই থৈ টাটা মবাইল খন লৈ উধাও হয় ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
কামপুৰত অচেতন অৱস্থাত উদ্ধাৰ গাড়ী চালক - কামপুৰ চিকিৎসালয়
কামপুৰ বৰক'লা সংযোগী পথৰ দাঁতিৰ জংঘলত অচেতন অৱস্থাত উদ্ধাৰ গাড়ী চালক । তিনিদিনৰ পৰা অচেতন অৱস্থাত আছিল যুৱকজন ৷
![কামপুৰত অচেতন অৱস্থাত উদ্ধাৰ গাড়ী চালক rescue a senseless driver at kampur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6213861-thumbnail-3x2-hgfhgfh.jpg)
কামপুৰত অচেতন অৱস্থাত উদ্ধাৰ গাড়ী চালক