অসম

assam

ETV Bharat / state

কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত উপস্থিত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি - সংহত শিশু উন্নয়ন প্ৰকল্প

ছবছৰীয়া নাবালিকা হত্যাকাণ্ড(Minor Girl Murder)ৰ বুজ ল’বলৈ শনিবাৰে কলিয়াবৰত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ(Assam State Commission for Protection of Child Rights)ৰ তিনিজনীয়া প্ৰতিনিধিৰ দল ৷ নাবালিকা আৰু অভিযুক্ত কিশোৰ তিনিটাৰ বাসগৃহত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় দলটোৱে ৷

representatives-of-state-commission-for-protection-of-child-rights-visited-to-the-spot-of-kaliabor-murder
কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি

By

Published : Oct 24, 2021, 11:23 AM IST

কলিয়াবৰ, 24 অক্টোবৰ : কলিয়াবৰৰ লোমহৰ্ষক নাবালিকা হত্যাকাণ্ড(Minor Girl Murder)ৰ বুজ ল’বলৈ শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ(Assam State Commission for Protection of Child Rights)ৰ তিনিজনীয়া এটা দল ৷ ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী-প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয় দলটো ৷

নাবালিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ দলটোৱে ঘটনাৰ বুজ লয় ৷ লগতে হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্ত কিশোৰৰ ঘৰতো উপস্থিত হয় দলটো ৷ নাবালিকাগৰাকীৰ পৰিয়ালে যাতে ভৱিষ্যতে পুনৰ এনেধৰণৰ জঘন্য কাণ্ডৰ সন্মুখীন হ’বলগীয়া নহয়, তাক লৈ আলোচনাত বহে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ তিনিজনীয়া দলটোৱে ৷

ইয়াৰ লগতে অঞ্চলটোৰ শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বহুকেইটা পৰিকল্পনা গ্ৰহণ কৰিব বুলি আয়োগৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়ে ৷ অঞ্চলটোৰ শিশুসকলক সুস্থ পৰিৱেশত ৰখাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰিছে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উপস্থিত প্ৰতিনিধিয়ে ৷

কলিয়াবৰ কাণ্ডৰ ঘটনাস্থলীত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্ৰতিনিধি

আনহাতে, শনিবাৰৰ দিনটোত ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ উত্তৰণৰে শিশু আৰু নাৰীৰ সুৰক্ষাৰ বাবে এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পই । শোভাযাত্ৰাৰ জৰিয়তে সন্তানৰ সু-শিক্ষাৰ ক্ষেত্ৰত চকু দিবলৈ অঞ্চলটোৰ মাতৃসকলক আহ্বান জনায় সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকলে ৷

উল্লেখ্য যে, কাতি বিহুৰ দিনাই কলিয়াবৰৰ বালিবাটৰ নিজৰিস্থিত বজৰংবলী শিলভঙা উদ্যোগত সংঘটিত হৈছিল এগৰাকী ছবছৰীয়া নাবালিকা হত্যাকাণ্ড ৷ তিনি কিশোৰৰ জিঘাংসাৰ বলি হৈছিল নাবালিকাগৰাকী ৷ ম’বাইলত অশ্লীল ভিডিঅ’ চাবলৈ তিনি কিশোৰে জোৰ কৰিছিল নাবালিকাগৰাকীক ৷ কিন্তু সেই ভিডিঅ’ চাবলৈ নাবালিকাগৰাকী অমান্তি হোৱাত প্ৰথমে জোৰ-জবৰদস্তি কিশোৰ তিনিটাই ৷

অৱশেষত এই লোমহৰ্ষক ঘটনাটো সংঘটিত কৰে তিনি কিশোৰে ৷ শিলেৰে থেতালি থেতালি নাবালিকাগৰাকীক হত্যা কৰে কিশোৰ তিনিটাই ৷ হত্যাকাৰী কিশোৰ তিনিটাৰ বয়স 5 ৰ পৰা 11 বছৰৰ ভিতৰত ৷ অতি কম বয়সতে শিশুৰ হাতত অভিভাৱকসকলে ম’বাইল ফোন তুলি দিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলৰ মাজত বিষয়টো চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক :হত্যাকাৰীৰ ৰূপ ল’লে কিশোৰে; কলিয়াবৰ কাণ্ডই কঁপাইছে ৰাজ্য

ABOUT THE AUTHOR

...view details