অসম

assam

ETV Bharat / state

কলিয়াবৰত অৱস্থান ধৰ্মঘট সাংবাদিকৰ

নিৰ্বাচনী বিষয়াৰ দুৰ্ব‍্যৱহাৰৰ বিৰুদ্ধে কলিয়াবৰৰ সাংবাদিক সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাক অব্যাহতি বা শাস্তিমূলক বদলিৰ দাবী সাংবাদিকসকলৰ ।

কলিয়াবৰত অৱস্থান ধৰ্মঘট সাংবাদিকৰ
কলিয়াবৰত অৱস্থান ধৰ্মঘট সাংবাদিকৰ

By

Published : Mar 2, 2021, 4:22 PM IST

Updated : Mar 2, 2021, 8:04 PM IST

কলিয়াবৰ, ২মাৰ্চ:নিৰ্বাচনী বিষয়াৰ দুৰ্ব্যৱহাৰৰ বাবে কলিয়াবৰত সংবাদ কৰ্মীৰ প্ৰতিবাদ অব্যাহত আছে । নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ বাবে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে।

উল্লেখ্য যে, কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাই যোৱা ২৫ ফেব্ৰুৱাৰীত সাংবাদিকৰ এটা দলক দুৰ্ব্যৱহাৰ কৰাৰ পিছত বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে দাবী উত্থাপন কৰিছিল আৰু ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল । কিন্তু সেই সময়সীমা উকলি যোৱাৰ পিছতো প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে সাংবাদিক তথা সংবাদকৰ্মীসকল । তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদাত আঘাট কৰা নিৰ্বাচনী বিষয়া গৰাকীক দায়িত্বৰ পৰা অব্যাহতি অথবা কলিয়াবৰৰ পৰা বদলি কৰাৰ দাবীত অটল কলিয়াবৰৰ সমূহ সংবাদসেৱী ।

কলিয়াবৰত অৱস্থান ধৰ্মঘট সাংবাদিকৰ

শীঘ্ৰে সাংবাদিকসকলৰ দাবী পূৰণ নহ'লে আগন্তুক নিৰ্বাচন সম্পৰ্কীয় বাতৰি পৰিৱেশন নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী সাংবাদিকসকলে । সাংবাদিকৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চিপিআইএমএলকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদৰ অন্তত কাৰ্যবাহী দণ্ডাধীশৰ হাতত এক স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদী সাংবাদিকসকলে ।

লগতে পঢ়ক:অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ অপহৃত ব্যৱসায়ী

Last Updated : Mar 2, 2021, 8:04 PM IST

ABOUT THE AUTHOR

...view details