অসম

assam

ETV Bharat / state

Road Renovation in Nagaon : নগাঁৱত একেদিনাই ১৩ টা পথ নৱীকৰণ কামৰ শুভাৰম্ভ - মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি

একেদিনাই নগাঁও সদৰ সমষ্টিৰ ১৩ টাকৈ জৰাজীৰ্ণ পথ নৱীকৰণৰ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ । পথ নৱীকৰণৰ পিচত আৰম্ভ হ'ব নতুন পথ নিৰ্মাণৰ কাম (Road Renovation in Nagaon)। মুখ্যমন্ত্ৰী পথ নৱীকৰণ, পথ পকীকৰণ আঁচনিৰ অধীনত নগাঁও সদৰ সমষ্টিত নিৰ্মাণ হ'ব বহুকেইটা পথ । পথ নৱীকৰণৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা বিধায়ক ৰূপক শৰ্মাৰ ।

Road Renovation in Nagaon
নগাঁৱত একেদিনাই ১৩ টা পথ নৱীকৰণ কামৰ শুভাৰম্ভ

By

Published : Feb 12, 2023, 8:43 PM IST

নগাঁৱত একেদিনাই ১৩ টা পথ নৱীকৰণ কামৰ শুভাৰম্ভ

নগাঁও, 12 ফেব্ৰুৱাৰী : যাতায়ত, শিক্ষা, স্বাস্থ্যৰ পৰা প্ৰতিটো ক্ষেত্ৰতে ৰাজ্যখনক দেশৰ ভিতৰতে অন্যতম ৰাজ্য হিচাবে গঢ় দিয়াৰ বাবে তৎপৰ হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । চহৰ, নগৰ উন্নয়নৰ সমান্তৰালকৈ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰতো নানা পদক্ষেপ গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ (MLA Rupak Sarmah) ।

দেওবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ১৩ টাকৈ পথ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক ৰূপক শৰ্মা । দেওবাৰৰ দিনটোতেই নগাঁও সদৰ সমষ্টিৰ নগাঁও চহৰকে ধৰি গ্ৰাম্য অঞ্চলৰো মুঠ ১৩ টাকৈ পথৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই (Road Renovation in Nagaon)। নগাঁও চহৰৰ গুণাভিৰাম বৰুৱা পথ, গুৰুদ্বাৰ পথ, মাৰোৱাৰী পট্টিৰ পৰা হলধৰ ভূঞা পথৰ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই ।

বিগত কিছুদিন ধৰি জৰাজীৰ্ণ হৈ পৰা নগাঁও চহৰৰ এই গুৰুত্বপূৰ্ণ পথসমূহ মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ (Chief Ministers Road Renewal Scheme) অধীনত দেওবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ উপৰিও নগাঁও ধিং পথৰ পৰা কাৱৈমাৰী পথ, নগাঁও ধিং পথৰ পৰা শিমলুগুৰি পথ, নগাঁও ধিং পথৰ পৰা টকৌবাৰী-উত্তৰ টকৌবাৰী পথ, ম'হমৰীয়া দলং সংলগ্ন পথ, নগাঁও দক্ষিণপাট পথৰ পৰা মধুপুৰ সংলগ্ন পথ, ৰণথলীৰ পৰা ৰজাভেটি আদৰ্শ গাঁও পথ, দেউৰিগাঁৱৰ পৰা ননৈ দক্ষিণপাট পথ, তুলসীমুখৰ পৰা ৰাঙলুমুখ সংলগ্ন পথ, গোমোঠা গাঁৱৰ পৰা ঘাগৰীয়াল পথ, শিমলুগুৰিৰ পৰা ভৰাগাঁও পথৰ নৱীকৰণৰ কামৰ শুভাৰম্ভ কৰা হয় দেওবাৰে ।

দেওবাৰে শুভাৰম্ভ কৰা নগাঁও সদৰ সমষ্টিৰ ১৩ টাকৈ পথৰেই নৱীকৰণৰ কাম আগন্তক তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ পথ পকীকৰণৰ কামৰ শুভাৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarmah inaugurates Road Renovation)।

ৰাজ্যৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পথ নৱীকৰণ আৰু মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনি গ্ৰহণ কৰাৰ বুলিও সংবাদ মাধ্যমৰ সমুখত উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । পুৱাৰ পৰা সন্ধিয়ালৈকে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অধীনত ১৩ টাকৈ পথৰ শুভাৰম্ভ অনুষ্ঠানত দলীয় কৰ্মীৰ লগতে বিভাগীয় বিষয়া সকলো উপস্থিত থাকে ।

লগতে পঢ়ক:Udyam 2023 : ৰাজ্যৰ উদ্যোগীসকলক বজাৰ দিয়াৰ লক্ষ্যৰে চৰকাৰৰ বিশেষ পদক্ষেপ

ABOUT THE AUTHOR

...view details