কামপুৰ, 20 জুন:কামপুৰৰ শোকাৱহ ঘটনাৰ পিছতে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ক্ষোভ মৃত আৰক্ষী কনিষ্টবলৰ আত্মীয়ৰ (Relatives outrage against OC) ৷ ৰাজীৱ বৰদলৈৰ পৰিয়ালৰ লোকে ফোন কৰাত ভাৰপ্ৰাপ্ত আৰক্ষীয়ে বিষয়াগৰাকীয়ে বেয়া পোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে ৷
দেওবাৰৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো নিশাই নগাঁৱলৈ উভতি নাহি সোমবাৰেহে গুৱাহাটীৰ পৰা আহি থকাক লৈ ক্ষোভ উজাৰে ৰাজীৱৰ আত্মীয়ই ৷ দেওবাৰে নিশা অপৰাধীক আটক কৰিবলৈ প্ৰায় নিশা 1 বজাত কামপুৰ আৰক্ষীৰ তিনিজনীয়া দল এটাই মধুপুৰ অঞ্চললৈ গৈছিল ৷ এটা ভঙা কালভাৰ্টত সোমাই যোৱাৰ ফলত প্ৰথমে কনিষ্টবল ৰাজীৱ বৰদলৈ সোঁতত উটি যায় (Kampur two police death) ৷ তেওঁক বচাবলৈ গৈ নৈ সোঁতত উটি যায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিও ৷