কলিয়াবৰ, ৮ জানুৱাৰী :পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০২০ চনৰ ৩০ অক্টোবৰত আৰম্ভ কৰা কলংমুখৰ কাম বৰ্তমানৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সম্পূৰ্ণ কৰি তুলিব পাৰিবনে ? এই বিষয়টো কলংপৰীয়া ৰাইজৰ মাজতে প্ৰতিদিনে আলোচনা হয় । ২৪ ঘণ্টাই কাম কৰি তিনিমাহৰ ভিতৰত কলংমুখত শ্লুইছগেট নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে । যাতে কলং আকৌ বোৱতী হয় । কিন্তু কাম আৰম্ভ কৰাৰ দুবছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে কলং বোৱতী নহ’ল(Kolong river rejuvenation project) ।
পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ কাৰ্যকালৰ শেষৰ ভাগত কলং সুঁতিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কলংমুখত আৰম্ভ হৈছিল শ্লুইছ গেট্ নিৰ্মাণৰ কাম(Kolong River Rejuvenation Plan Kicks Off) । তিনি মাহত সম্পূৰ্ণ কৰাৰ ঘোষণা কৰিছিল পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই(Former Water Resources Minister Keshab Mahanta) । কিন্তু বিভাগীয় হেমাহি আৰু ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে নিৰ্মাণকাৰ্য গেঠেলা মাৰিলে । শ্লুইছ গেট নিৰ্মাণৰ ঠিকা লাভ কৰা গুৱাহাটীৰ 'জেড ইঞ্জিনীয়াৰিং' নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ শ্লুইছ গেটৰ দৰে এক বিশেষ কাৰিকৰী নিৰ্মাণৰ বাবে নাছিল যাৱতীয় আহিলা আৰু কাৰিকৰী দক্ষতা । সেয়ে প্ৰাকৃতিকভাৱে অহা বাধাসমূহ দূৰ কৰাত সক্ষম হোৱা নাছিল ।
শ্লুইছ গেট নিৰ্মাণৰ এনে লেহেমীয়া গতি চলি থকাৰ সময়ত ২০২১ বৰ্ষৰ ২৩ মে'ত সেই পৰিস্থিতি অধ্যয়নৰ অংশৰূপে মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈছিল কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিৰ কলংমুখত । তাৰ পাছতো পাৰ হ'ল দীঘলীয়া সময় । এতিয়া সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শ্লুইছ গেট নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই জনোৱা মতে, পূৰ্বে হোৱা কিছু কাৰিকৰী আৰু প্ৰাকৃতিক কাৰণত নিৰ্মাণ কাৰ্য লেহেমীয়া হৈছিল যদিও এতিয়া এক গতি লৈছে । এপ্ৰিল মাহৰ ভিতৰত শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ তেওঁ আশা প্ৰকাশ কৰে ।