অসম

assam

By

Published : May 23, 2020, 7:36 PM IST

ETV Bharat / state

নগাওঁৰ পঞ্জীয়নভূক্ত গাড়ীৰ পৰাও কৰ সংগ্ৰহ ৰহা টোল গে'টত

ৰহা টোল গেটৰ ঠিকা লাভ কৰা এম বি কনষ্ট্ৰাকচনে টোল গে'ট মুকলি কৰাৰ সময়তে নগাওঁ পঞ্জীয়নভূক্ত বাহনক ৰেহাই মূল্য দিয়াৰ লগতে ৰহা ৰাজহ চক্ৰৰ অধীনৰ বাহনক বিনামূলীয়া পাছ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কাৰ্যতঃ সেইয়া হৈ উঠা নাই বুলি অভিযোগ একাংশ লোকৰ ৷

registered vehicles of Nagaon also  taxes At the toll gate
নগাওঁ পঞ্জীয়নভূক্ত গাড়ীৰ পৰাও কৰ সংগ্ৰহ ৰহা টোল গে'টত

নগাঁও,23 মে':লক ডাউনৰ মাজতে নগাঁৱৰ ৰহা টোল গে'টত পুনৰ আৰম্ভ হ'ল টোল সংগ্ৰহ। বহু ধৰ্ণা, প্ৰতিবাদৰ মাজতে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই টোল সংগ্ৰহ আৰম্ভ হৈছিল ৰহা টোল গে'টত। কিন্তু নগাঁও পঞ্জীয়নভুক্ত গাড়ীৰ পৰাও টোল সংগ্ৰহ কৰাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷জানিব পৰা মতে, ৰহা টোল গে'টৰ ঠিকা লাভ কৰা এম বি কনষ্ট্ৰাকচনে টোল গে'ট মুকলি কৰাৰ সময়তে নগাওঁ পঞ্জীয়নভূক্ত বাহনক ৰেহাই মূল্য দিয়াৰ লগতে ৰহা ৰাজহ চক্ৰৰ অধীনৰ বাহনক বিনামূলীয়া পাছ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কাৰ্যতঃ সেইয়া হৈ উঠা নাই বুলি অভিযোগ একাংশ লোকৰ ৷শেহতীয়াকৈ এই সম্পৰ্কত নগাঁওৰ পঞ্জীয়নভুক্ত বাহনৰ পৰা কৰ সংগ্ৰহ আৰম্ভ কৰাৰ পিছতেই ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে একাংশই।

নগাওঁৰ পঞ্জীয়নভূক্ত গাড়ীৰ পৰাও কৰ সংগ্ৰহ ৰহা টোল গে'টত

অৱশ্যে, নগাওঁ জিলাৰ পঞ্জীয়নভূক্ত বাহনৰ পৰাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে সম্পূৰ্ণ কৰ সংগ্ৰহৰ অনুমতি দিয়া স্বত্বেও ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে ৰেহাই মূল্যত কৰ সংগ্ৰহ কৰা বুলি দাবী কৰিছে কৰ্তৃপক্ষই। ইয়াৰোপৰি ৰহা ৰাজহ চক্ৰৰ অধীনৰ বাহনৰ ক্ষেত্ৰত বিনামূলীয়া অনুমতি পত্ৰ দিয়াৰ কথাও উল্লেখ কৰে কৰ্তৃপক্ষই।

লগতে পঢ়কঃ'মহ মাৰিব নোৱাৰা মানৱ জাতিয়ে ভাইৰাছ কেনেকৈ মাৰিব'- শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details