অসম

assam

ETV Bharat / state

নগাঁৱত ঘোঁচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী - চৰকাৰী টিনপাত

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামত চৰকাৰী কৰ্মচাৰীৰ উৎকোচ গ্ৰহণ ৷ বুধবাৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথৰ নগাঁৱৰ কাৰ্যালয়ৰ গুদামৰ পৰা অনুসূচীত জাতিৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হয় চৰকাৰী টিনপাত ৷ কিন্তু দৰিদ্ৰ লোকক টিনপাত প্ৰদানৰ নামতো উৎকোচ লয় এজন চৰকাৰী কৰ্মচাৰীয়ে ।

নগাঁও
উৎকোচ লয় চৰকাৰী কৰ্মচাৰী

By

Published : Jan 30, 2020, 12:35 AM IST

নগাঁও,29 জানুৱাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত টিনপাত বিতৰণৰ নামত চৰকাৰী কৰ্মচাৰীৰ উৎকোচ গ্ৰহণ ৷ বুধবাৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথৰ নগাঁৱৰ কাৰ্যালয়ৰ গুদামৰ পৰা অনুসূচীত জাতিৰ দৰিদ্ৰ লোকক প্ৰদান কৰা হয় চৰকাৰী টিনপাত ৷ কিন্তু দৰিদ্ৰ লোকক টিনপাত প্ৰদানৰ নামতো উৎকোচ লয় এজন চৰকাৰী কৰ্মচাৰীয়ে । সমগ্ৰ দৃশ্যটো বন্দী হয় সংবাদকৰ্মীৰ কেমেৰাত ৷

ঘোঁচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী

ইপিনে,উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতো কথাটো অস্বীকাৰ কৰে ৷ কিন্তু পিছত চাহ খৰচৰ বাবদ টকা লোৱাৰ কথা স্বীকাৰ কৰে কৰ্মচাৰীজনে । উৎকোচ লোৱা কৰ্মচাৰীজন সমাজ কল্যাণ বিভাগৰ বুলি জানিব পৰা গৈছে । উক্ত ঘটনাটোৱে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃধুবুৰীত দিবাস্বপ্ন হৈ পৰিছে ১০৮ নাওঁ এম্বুলেঞ্চ

ABOUT THE AUTHOR

...view details