অসম

assam

ETV Bharat / state

নগাঁৱত উদ্ধাৰ হাইজেক হোৱা বিস্কুটভৰ্তি ট্ৰাক

বৃহস্পতিবাৰে নিশা তেজপুৰৰ পৰা আগৰতলা অভিমুখে গৈ থকাৰ অৱস্থাত তেজপুৰৰ এটি তেল ডিপুৰ সমীপৰ পৰা বিস্কুটসহ হাইজেক হৈছিল UP-21 N-3627 নম্বৰৰ এখন ট্ৰাক ৷ নগাঁও জিলাৰ চামগুৰিত শনিবাৰে সন্ধ্যা উদ্ধাৰ হয় ট্ৰাক খনত অনা বৃহৎ পৰিমাণৰ পাৰ্লি বিস্কুটৰ কাৰ্টুন ৷

By

Published : Mar 15, 2020, 8:14 AM IST

বিস্কুটভৰ্তি ট্ৰাক
বিস্কুটভৰ্তি ট্ৰাক

নগাঁও, 14 মাৰ্চঃনগাঁও জিলাৰ চামগুৰিত শনিবাৰে সন্ধ্যা উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ চুৰি পাৰ্লে কোম্পানীৰ বিস্কুটক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে নিশা তেজপুৰৰ পৰা আগৰতলা অভিমুখে গৈ থকাৰ অৱস্থাত তেজপুৰৰ এটি তেল ডিপুৰ সমীপৰ পৰা বিস্কুটসহ হাইজেক হৈছিল UP-21 N-3627 নম্বৰৰ এখন ট্ৰাক ৷ তেজপুৰ আৰু চামগুৰি আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা এক অভিযানত চামগুৰিৰ বাজিয়াগাঁৱৰ মকবুল হক নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰে, হাইজেক হোৱা ট্ৰাক খনত অনা বৃহৎ পৰিমাণৰ পাৰ্লি বিস্কুটৰ কাৰ্টুন ৷ ইফালে সুযোগ বুজি গৃহস্থ তথা সমগ্ৰ কাণ্ডৰ সৈতে জড়িত মকবুল হক নামৰ অভিযুক্তজনে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷

নগাঁৱত উদ্ধাৰ হাইজেক হোৱা বিস্কুটভৰ্তি ট্ৰাক

উল্লখ্য যে, হাইজেক হোৱা খালী ট্ৰাকখন শুকুৰবাৰে আৰক্ষীৰ অভিযানত নগাঁৱৰ ৰূপহীহাটৰ পৰা উদ্ধাৰ হোৱাৰ লগতে সমগ্ৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত হেণ্ডিমেন বিজেন্দ্ৰৰ সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ পোছ কৰাৰ পৰৱৰ্তী সময়ত ধৃত বিজেন্দ্ৰৰৰ স্বীকাৰোক্তিৰ ভিত্তিত, শনিবাৰে চামগুৰিৰ বাজিয়াগাঁৱত তেজপুৰ আৰু চামগুৰি আৰক্ষীয়ে যৌথ অভিযান চলাইছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে আৰক্ষীৰ লোকে ৷ অৱশ্যে হাইজেক কাণ্ডটোৰ সৈতে জড়িত থকা আন কেইবাজনো পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিছে তেজপুৰ আৰক্ষীৰ এগৰাকী বিষয়াই ৷

লগতে পঢ়কঃবৰপেটাত পেট্ৰ'ল ডিজেলৰ চোৰাং ব্যৱসায়, গ্ৰেপ্তাৰ দুই টেংকাৰ চালক

ABOUT THE AUTHOR

...view details